ষ্টাফ ৰিপ’ৰ্টাৰ:
সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচীৰ আজি চতুৰ্থ দিন। বহু কেইটা দাবীত পৰিবহণ সন্থাটোৱে জনোৱা বন্ধৰ আহ্বানত ইতিমধ্যে প্ৰায় স্তব্ধ হৈ পৰিছে ৰাজ্যৰ যাতায়ত ব্যৱস্থা।
কিন্তু তেনে সময়তে আজি ৰাজ্যৰ পৰিবহণ বিভাগে জাৰি কৰিছে যাত্ৰীবাহী যান-বাহনৰ বাবে নতুন নিৰ্দেশনা। যাৰ ফলত এতিয়া পৰিবহণ সন্থাটোৱে অনিৰ্দিষ্টকালীন চকা বন্ধৰ কাৰ্যসূচী উঠাই ল’ব বুলি জানিব পৰা গৈছে। আনহাতে, ভাড়া বৃদ্ধি নহয় বুলিও জানিব পৰা গৈছে।
পৰিবহণ বিভাগে জাৰি কৰা গাইড লাইন অনুসৰি এতিয়াৰে পৰা ১০০ শতাংশ যাত্ৰীৰে বাছ, ট্ৰেকাৰ, মেজিক চলিব পাৰিব। কিন্তু এই ক্ষেত্ৰত কেতবোৰ নীতি-নিয়ম মানি চলিব লাগিব।
ইয়াৰে ভিতৰত-
চালক-কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
আসনৰ সংখ্যাৰ অধিক যাত্ৰী কঢ়িয়াব নোৱাৰিব।
যাত্ৰাৰ সময়ত গাড়ীত চেনিটাইজাৰ থকাটো গৰাকীয়ে নিশ্চিত কৰিব লাগিব।
প্ৰতিটো যাত্ৰাৰ অন্তত গাড়ীখন সম্পূৰ্ণভাবে চেনিটাইজ কৰিব লাগিব।
গাইড লাইনত এইটো কথাও উল্লেখ আছে যে চৰকাৰে বান্ধি দিয়া নিয়ম যদি কোনোবাই অমান্য কৰে তেনেহ’লে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব।













