ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনা আতংকৰ মাজতে ২০২১ বৰ্ষ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিছে গুৰুত্বপূৰ্ণ জাননী।অহা বৰ্ষ ফেব্ৰুৱাৰী মাহৰ অন্তিম সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।
ইফালে পৰীক্ষা প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ১ নৱেম্বৰ পৰা ৩০ নৱেম্বৰ ভিতৰত আৱেদন কৰিব লাগিব ছাত্ৰ-ছাত্ৰী সকলে।এই কথা নিৰ্দেশনা যোগে প্ৰকাশ কৰিছে সংসদে।অনলাইন পদ্ধতিৰে কৰিব পাৰিব ফৰ্ম ফিলাপ।













