ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি সন্ধিয়া প্ৰায় ৬.৪২ বজাত ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ পৰা ৩ পেকেট সন্দেহযুক্ত কানি উদ্ধাৰ কৰা হয়। ডি এন ০২৪২৩ ডিব্ৰুগড়-দিল্লী ৰাজধানী এক্সপ্ৰেছৰ এ ১ কোচৰ ১৬ আৰু ১৭ নম্বৰৰ আসন দুখন বহি অহা দুজন যাত্ৰীৰ পৰা উদ্ধাৰ কৰা হয়।
গুৱাহাটী ৰেলৱে ষ্টেচনৰ ১নম্বৰ প্লেটফৰ্মত তালাচীত এই কানিখিনি ধৰা পৰে। কানি সৰবৰাহ কৰা যাত্ৰী দুজন ক্ৰমে শ্যামলাল শৰ্মা (২৬) আৰু পংকজ শৰ্মা (২৩)। দুয়োৰে ঘৰ ৰাজস্থানত বুলি জানিব পৰা গৈছে।












