নিউজ ডেক্স:
হাথৰসলৈ যোৱাৰ পথত গ্রেপ্তাৰ হোৱা পপুলাৰ ফ্ৰণ্ট ইণ্ডিয়া (পিএফআই)ৰ সদস্য তথা কেৰালাৰ সাংবাদিকজনৰ বিৰুদ্ধে ইউএপিএ ধাৰা লগালে যোগী আদিত্য নাথৰ আৰক্ষীয়ে। তেওঁৰ সৈতে ধৃত আন তিনিজনৰ বিৰুদ্ধেও একেই ধাৰাত এফআইআৰ ৰুজু হৈছে। ইউএপিএ আইনৰ ১৭ নম্বৰ ধাৰাত ‘সন্ত্ৰাসবাদী কার্যকলাপৰ বাবে ধন সংগ্রহ’ৰ অভিযোগ অনা হৈছে তেওঁলোকৰ বিৰুদ্ধে।
উত্তৰ প্রদেশ আৰক্ষীৰ দাবী, পূৰ্বৰে পৰাই তেওঁলোক জ্ঞাত আছিল, সোমবাৰে সন্দেহজনক কিছু লোক দিল্লীৰ পৰা হাথৰসলৈ আহিছে। সিদিনা মথুৰাত এখন গাড়ী ৰখাই আৰক্ষীয়ে গাড়ীৰ পৰা প্রথমে আটক আৰু পিছত গ্রেপ্তাৰ কৰে আতিক-উৰ-ৰহমান, মাচুদ আহমেদ, আলম আৰু ছিদ্দিক কাপ্পান নামৰ চাৰিজনক। চাৰিওজনেই মৌলবাদী সংগঠন পিএফআইৰ সদস্য।
আ্হাতে, ছিদ্দিক কাপ্পান কেৰালাৰ এটি জনপ্রিয় নিউজ পৰ্টেলৰ সাংবাদিক (কন্ট্রিবিউটৰ)। আচলতে কেৰালাৰ বাসিন্দা হ’লেও কাপ্পানে দিল্লীত সাংবাদিকতা কৰে। তেওঁ ‘কেৰালা ইউনিয়ন অব ৱর্কিং জাৰ্নেলিষ্টছ’ৰ দিল্লী শাখাৰ সভাপতিও।
অন্য তিনিজনৰ লগতে কাপ্পানৰ বিৰুদ্ধেও ইউএপিএ ধাৰা প্ৰয়োগত যোগী আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সংশ্লিষ্ট মহলৰ একাংশ। অৱশ্যে উত্তৰ প্রদেশ আৰক্ষীৰ দাবী, সন্ত্ৰাসবাদী কার্যকলাপৰ বাবে ধন সংগ্রহৰ উদ্দেশ্যতেই হাথৰসলৈ গৈছিল দলটো। ইয়াৰ বিপৰীতে ধৃতসকলৰ দাবী, হাথৰস গণধর্ষণ আৰু হত্যাৰ ঘটনাৰ তথ্য সংগ্রহ কৰিবলৈ গৈছিল তেওঁলোক।











