নিউজ ডেক্স:
দ্য ৰয়েল ছুইডিছ একাডেমিয়ে আজি ঘোষণা কৰে ২০২০ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ীৰ নাম৷ এইবাৰ এই বঁটা লাভ কৰিছে দুগৰাকী মহিলা গৱেষকে। কেন্সাৰ ৰোগৰ চিকিৎসা পদ্ধতিৰ বাবে মার্কিন গৱেষক জেনিফাৰ এ ডৌডেনা আৰু ফৰাচী গৱেষক ইমানুৱেল চাৰপেণ্টাৰে লাভ কৰে নোবেল বঁটা।
উল্লেখ্য যে তেওঁলোকে যুটীয়াভাবে জিনৰ পৰিবর্তন ঘটাবলৈ সক্ষম এক প্রযুক্তি আৱিষ্কাৰ কৰিছে। তেওঁলোকে জিন সম্পাদনাৰ আধুনিকতম প্রযুক্তি কেছ-৯ ছিছৰ আৱিষ্কাৰ কৰিছে। ইয়াৰ সুফল লাভ কৰিব কেন্সাৰ আৰু যিকোনো ক্ৰনিক ৰোগৰ চিকিৎসা ক্ষেত্রত।
নোবেল বিজয়ী ইমানুৱেল চাৰপেন্টাৰৰ জন্ম ফ্রান্সত। তেওঁ বর্তমান জার্মানীৰ বার্লিনৰ মেক্স প্লাঙ্ক বিশ্ববিদ্যালয়ত পেথোজেন শাখাৰ সঞ্চালক। আনহাতে, জেনিফাৰ এ ডৌডেনাৰ জন্ম ৱাশ্বিংটনত। তেওঁ আমেৰিকাৰ ইউচি বার্কলে বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।











