নিউজ ডেক্স:
দুদিন ধৰি সন্ধানহীন হৈ আছিল এগৰাকী মহিলা৷ তাৰ পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ হয় ঘৰৰ পৰা ২২ কিঃমিঃ দূৰৈত৷ ৰ’ব ঘটনাটো দেখাত সাধাৰণ যেন লাগিলেও চাঞ্চল্যৰ সৃষ্টি কৰিছে মুম্বাইত৷ কিয়নো মেন হ’লত সোমাই পৰা মহিলাগৰাকী ২২ কিঃমিঃ দূৰত্ব কেনেদৰে গ’ল তাক লৈ সৃষ্টি হৈছে ৰহস্য৷
ঘটনাৰ বৰ্ণনা অনুসৰি, যোৱা ৩ অক্টোবৰত ঘাটকোপাৰৰ পৰা নিৰুদ্দেশ হৈছিল শীতল দামা নামৰ ৩২ বছৰীয়া এগৰাকী মহিলা।শীতল দামা সন্ধানহীন হোৱাৰ দিনা প্রবল বৃষ্টিপাত হৈছিল ঘাটকোপাৰত। শীতলৰ এগৰাকী আত্মীয়ই আৰক্ষীক জনোৱা মতে, পুত্ৰক লগত লৈ সন্ধিয়া ৬মান বজাত গেলামালৰ দোকানলৈ গৈছিল শীতল দামা।
কিন্তু বৰষুণ অহা কাৰণে মাজ ৰাস্তাৰ পৰাই পুত্ৰক ঘৰলৈ পঠিয়াই দিয়ে। তাৰ পিছত তেওঁ দোকানলৈ যায়। ইফালে নিশা হৈ যোৱাৰ পিছতো শীতল ঘৰলৈ উভতি নোযোৱা বাবে ঘৰৰ লোকসকলে বিচাৰ-খোচাৰ আৰম্ভ কৰে। ঘৰৰ পৰা কিছু দূৰত এটি খোলা মেন হ’লৰ কাষত তেওঁৰ বেগটো পৰি থকা দেখে পৰিয়ালৰ লোকসকলে। তাৰ পিছতে তেওঁলোকে আৰক্ষীৰ ওচৰত নিৰুদ্দেশৰ গোচৰ এটি ৰুজু কৰে।
প্রাথমিকভাবে আৰক্ষীৰ ধাৰণা হৈছিল যে খোলা মেন হ’লত পৰিয়ে নিখোঁজ হয় শীতল দামা। কিন্তু তেওঁৰ মৃতদেহ কেনেদৰে ইমান দূৰ গৈ পালে তাক লৈ ৰহস্যৰ সৃষ্টি হয়। বৃহন্মুম্বাই মিউনিচিপাল কর্পোৰেচন(বিএমচি)ৰ পৰা আৰক্ষীয়ে জানিবলৈ পাৰে যে ঘাটকোপাৰৰ পৰা ড্রেইনৰ ভিতৰেদি পোনে পোনে হাজীআলিলৈ উটি যোৱাটো সম্ভৱ নহয়।
কাৰণ এই পথত তিনিটা স্থানত ড্রেইনত গতিৰোধক আছে। বিএমচিৰ বিষয়াসকলৰ দাবী, যদি মেন হ’লত পৰি মহিলাগৰাকী উটিও যায়, তেনেহ’লে এই তিনিটা পইন্টৰ কোনোবা এটাত হ’লেও তেওঁৰ মৃতদেহ লাগি ধৰিব। কিন্তু এই ক্ষেত্রত সেয়া হোৱা নাই।
তেনেহ’লে কেনেদৰে মহিলাগৰাকীৰ মৃতদেহ ২২ কিলোমিটাৰ দূৰ গৈ পালে তাৰ অনুসন্ধান কৰিছে আৰক্ষীয়ে। এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, ইয়াৰ আঁৰত অন্য কিবা কাৰণ আছে নেকি, সেয়া জনাৰ চেষ্টা চলাই থকা হৈছে। লগতে, মহিলাগৰাকী আচলতে মেন হ’লত পৰিছিল নে নাই, সেইটোও তদন্ত কৰি চোৱা হৈছে। হত্যাৰ সম্ভাৱনাও নাকচ কৰা নাই আৰক্ষীয়ে।











