নিউজ ডেক্স:
আজিৰ দিনটো বিশ্ব সাংবাদিকতাৰ জগতত এটা ক’লা দিন ৷ কিয়নো, সন্মানীয় ৰাছিয়ান সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী আন্না পলিতক’স্কায়াৰ মৃতদেহ উদ্ধাৰ হৈছিল ২০০৬ চনৰ আজিৰ দিনটোতেই ৷ তথ্য অনুসৰি মৃত্যুৰ পূৰ্বে তেখেতৰ মস্ক’ৰ বাসগৃহৰ লিফ্টত গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছিল ৷ সেই গুলিয়াগুলিতেই সাংবাদিক গৰাকীয়ে প্ৰাণ হেৰুৱাই ৷
উল্লেখ্য যে, সাংবাদিক আন্না পলিতক’স্কায়া মানৱ অধিকাৰৰ খৰ্ব হোৱাৰ কাহিনীবোৰ পোহৰলৈ আনিছিল ৷ বিশেষকৈ ৰাছিয়ান মিলিটেৰীয়ে চেছেনা যুদ্ধৰ সময়ত জনসাধাৰণৰ খৰ্ব কৰা অধিকাৰৰ কাহিনীবোৰ লোকচক্ষুলৈ আনিবলৈ চেষ্টা কৰাৰ বাবে তেখেত খ্যাত আছিল ৷











