নিউজ ডেক্স:
আত্মনির্ভৰতাৰ পথত আন এক পদক্ষেপ ভাৰতৰ৷ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ফ্রান্সৰ পৰা আনিছে অত্যাধুনিক যুদ্ধবিমান ৰাফেল৷ এইবাৰ তিতকৈ উন্নত পঞ্চম প্রজন্মৰ যুদ্ধবিমান নিৰ্মাণ কৰিছে ভাৰতে৷
মহামাৰীৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই কাম আৰম্ভ কৰিছে৷ ফ্রান্সৰ পৰা অনা যুদ্ধবিমান হ’ল ৪.৫ জেনেৰেচনৰ৷ অথচ মার্কিন যুক্তৰাষ্ট্র, ৰাছিয়া আৰু ফ্রান্সে ইতিমধ্যেই পঞ্চম প্রজন্মৰ যুদ্ধবিমান নিৰ্মাণ কৰিছে৷
এইবাৰ সেই কৃতিত্বৰ অধিকাৰী হ’ব ভাৰত৷ ভাৰতত ৯ বছৰত এই কাম হ’ব৷ অর্থাৎ ২০২৯ চনত এই যুদ্ধবিমান হ’ব ভাৰতত৷ ইতিমধ্যে যুদ্ধ বিমানৰ ডিজাইন প্ৰস্তুত হৈছে৷ ইয়াৰ তৈয়াৰ কৰিছে এৰ’নেটিকেল ডেভেলপমেণ্ট এজেন্সী আৰু এয়াৰক্ৰাফ্ট ৰিচাৰ্ছ এণ্ড ডিজাইন চেণ্টাৰে৷ বিমানখন নিৰ্মাণ কৰিব হিন্দুস্থান এৰ’নেটিক্স লিমিটেডে৷











