নিউজ ডেক্স:
মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ক’ভিড-১৯ৰোগত আক্ৰান্ত হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ ৩ৰাতি পিছতেই ৰাষ্ট্ৰপতি বাসভৱন “হোৱাইট হাউচ”লৈ ঘুৰি আহে বাকীখিনি চিকিৎসা তাৰ পৰাই ল’বৰ বাবে ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই কাৰ্যই জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
স্বাস্থ্যৰ অৱনতিৰ পিছতো “হোৱাইট হাউচ”ৰ বেলকনীৰপৰা সাংবাদিকৰ কেমেৰাৰ বাবে মাস্ক আঁতৰাই ভংগীমা দিয়ে ৷ ট্ৰাম্পৰ চিকিৎসকৰ মত অনুসৰি তেওঁ এতিয়াই চাৰি বেৰৰ মাজৰপৰা ওলাব নালাগিছিল ৷
উল্লেখ্য যে, ট্ৰাম্পৰ কেইবাজনো কৰ্মচাৰী তথা সহযোগী ইতিমধ্যে ক’ভিড-১৯ পজিটিভ হিচাপে চিহ্নিত হৈছে ৷











