নিউজ ডেক্স:
আজি ঘোষণা কৰা হয় পদাৰ্থ বিজ্ঞানৰ এই বছৰৰ নোবেল বিজয়ীসকলৰ নাম। এই বঁটা লাভ কৰিছে তিনিগৰাকী বিজ্ঞানীয়ে। তেওঁলোক হ’ল ব্রিটেইনৰ ৰজাৰ পেনৰোছ, জার্মানীৰ ৰেনহার্ড গেঞ্জেল আৰু আমেৰিকাৰ এন্ড্রিয়া গেজ। কৃষ্ণ গহ্বৰৰ ওপৰত গৱেষণাৰ বাবে এই তিনিগৰাকী বিজ্ঞানীয়ে এইবাৰৰ নোবেল বঁটা লাভ কৰিছে। উল্লেখ্য যে ১৯০১ চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈছিল আৰু পদাৰ্থ বিজ্ঞানত যিসকল মহিলাই নোবেল বঁটা লাভ কৰিছে তাৰ ভিতৰত এন্ড্রিয়া গেজ হৈছে চতুর্থগৰাকী মহিলা











