নিউজ ডেক্স:
শনিবাৰে হিমাচল প্রদেশৰ মানালিত অটল টানেলৰ উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। কিন্তু উদ্বোধনৰ বিগত তিনি দিনত তিনিটা দুর্ঘটনাৰ সাক্ষী হ’বলগা হৈছে অটল টানেল। যাকৰ বাবে স্বাভাৱিকতে উদ্বেগ প্রকাশ কৰিছে বর্ডাৰ ৰোড অৰ্গেনাইজেচনে।
বিআৰও আৰু জিলা প্রশাসনৰ অভিযোগ, শ শ পর্যটকে নতুনকৈ নিৰ্মাণ হোৱা এই টানেলত গাড়ী দৌৰ প্রতিযোগিতা আৰম্ভ কৰিছে। এই ক্ষেত্ৰত অবিলম্বে অধিক কঠোৰ পদক্ষেপ লোৱা হ’ব বুলিও ইঙ্গিত দিছে।
চিচি টিভি ফুটেজত দেখা গৈছে যে টানেলৰ ভিতৰত গাড়ী চলাই থাকোতেই ছেল্ফি তোলা হৈছে। কেতিয়াবা আকৌ টানেলৰ ভিতৰত বেআইনীভাবে গাড়ী ৰাখিও ছেল্ফি তোলা হৈছে।
বর্ডাৰ ৰেড অৰ্গেনাইজেচনৰ অভিযোগ, টানেল চাবলৈ অহা পর্যটকসকলে গাড়ী দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰি দিছে, যিটো অবৈধ। তীব্র গতি আৰু অমনোযোগিতাৰে তেওঁলোকে গাড়ী চলাইছে।
টানেলৰ ভিতৰত যি তিনিটা দুর্ঘটনা ঘটে সেয়া চিচি টিভিৰ মাধ্যমত ৰেকর্ড কৰা হৈছে। তাত স্পষ্ট হৈছে ট্ৰেফিক আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি টানেলৰ ভিতৰেৰে গাড়ী চলাইছে পর্যটকসকলে।
পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ টানেলত আৰক্ষী নিয়োগৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কুলু জিলা প্রশানৰ পৰাও ইতিবাচক পদক্ষেপ গ্ৰহণৰ কথা জনোৱা হৈছে।
প্রশাসনে জনাইছে প্রতিদিনে পুৱা ৯-১০টা আৰু বিয়লি ৪-৫টা পর্যন্ত সাধাৰণ যাত্রীসকলৰ চলাচল বন্ধ ৰখা হ’ব৷











