ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা প্ৰশ্ন কাকত ফাদিলৰ অন্যতম মূল অভিযুক্ত অসম আৰক্ষী প্ৰাক্তন ডি আই জি প্ৰশান্ত দত্ত অৱশেষত গ্ৰেপ্তাৰ।ভাৰত-নেপাল সীমান্ত কাকৰভিটা পানী টেংকীত গ্ৰেপ্তাৰ দাৰ্জিলিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দত্তক।
জোঁৱাইয়েকৰ সৈতে অসমলৈ আহি থকা সময়ত ঘটনাৰ মূল অভিযুক্ত দত্তক গ্ৰেপ্তাৰ কৰা হৈছে।এই কথা ঘোষণা কৰিছে অসম আৰক্ষী আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে।ইতিমধ্যে অসম আৰক্ষীৰ এটা দল ৰাওনা হৈছে ভাৰত-নেপাল সীমান্তলৈ।
উল্লেখ যোৱা ২০ ছেপ্টেম্বৰৰ পৰা আত্মগোপন কৰি আছিল দত্তই।পাঁচ দিনৰ পূৰ্বে ঘটনাৰে জড়িত অন্যতম অভিযুক্ত দিবন ডেকাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
গুৰুত্বপূৰ্ণ কথা এই পি কে দত্ত সন্ধান দিব পৰা লোকলৈ অসম আৰক্ষীয়ে ১ লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছিল।দত্ত মালিকাধীন হোটেল ভাৰ্গৱ গ্ৰেণ্ডত এছ আই লিখিত পৰীক্ষাৰ প্ৰস্তুতি ১৯ ছেপ্টেম্বৰত পোহৰলৈ আহিছিল।তাৰ পাছৰে পৰা আত্মগোপন কৰি আছিল দত্ত।
উল্লেখ ধৃত সৈতে পুত্ৰ ঈশান আৰু জোঁৱাইয়েক সুজানো আছে লগত।
ইফাল অসম আৰক্ষীয়ে নিজাকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে দত্তক।দাৰ্জিলিং আৰক্ষীৰ সহযোগত জালত পৰিল দত্ত।












