স্বাস্থ্য প্ৰতিবেদন :
নিৰোগী আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ প্রতিদিনে সীমিত পৰিমাণত কিচমিচ খোৱা উচিত। কিচমিচ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। প্রতিদিনে সীমিত পৰিমাণত কিচমিচ খাই বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পৰা যায়।
কিচমিচৰ কিছু উপকাৰিতা সম্পর্কে জানি লওঁ আহক।
ডায়েবেটিছত আক্রান্ত ৰোগীসকলৰ বাবে কিচমিচ খোৱাটো উপকাৰী। কিচমিচ খালে ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত থাকে। ডায়েবেটিছ ৰোগীসকলে প্রতিদিনে সীমিত পৰিমাণত কিচমিচ খোৱা উচিত। একেদৰে কিচমিচ খালে ৰোগ প্রতিৰোধ ক্ষমতাও শক্তিশালী হয়।
কোভিউড-১৯ৰ পৰা নিৰাপদে থকাৰ বাবে, ৰোগ প্রতিৰোধ ক্ষমতা বজায় ৰখা অত্যন্ত গুৰুত্বপূর্ণ। কিচমিচ কেন্সাৰ কোষৰ বৃদ্ধি নিয়ন্ত্রণতো সহায়ক। স্বাস্থ্যৱান আৰু নিৰোগী হৈ থকাৰ বাবে ডায়েটত কিচমিচক অৱশ্যেই অন্তর্ভুক্ত কৰিব লাগিব।
একেদৰে কিচমিচ খোৱাটো লিভাৰৰ বাবেও খুব উপকাৰী। কিচমিচ খোৱাৰ ফলত লিভাৰ স্বাস্থ্যৱান আৰু নিৰোগী হৈ থাকে। লিভাৰৰ ৰোগীসকলে প্রতিদিনে কিচমিচ খোৱা উচিত। ইয়াৰ উপৰি ৰক্তহীনতাত ভোগা ৰোগীসকলেও প্রতিদিনে কিচমিচ খোৱা উচিত। কিচমিচ খালে ৰক্তক্ষয় হ্রাস পায়।