নিউজ ডেস্কঃ
শেহতীয়াকৈ অসমত ১৪ গৰাকীকৈ ক’ৰোণা আক্ৰান্তই প্ৰাণ হেৰুৱালে। ৰাজ্যত বৰ্তমানেও কমা নাই কৰোণাতংক; ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে মৃত্যুৰ সংখ্যা। শেহতীয়াকৈ কৰা টুইটযোগে এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
ক’ৰোণাত মৃত্যু হোৱা এই লোক কেইজন হৈছে ক্ৰমে নিৰলা গগৈ ধেমাজিৰ ,পলাশ বৰদলৈ লক্ষীমপুৰৰ , জেৰিনা গগৈ আৰু দেবেন্দ্ৰ নাথ দাস কামৰূপ মেট্ৰো’ৰ, প্ৰভাত কলিতা দৰঙৰ , টিকেন হাজৰিকা আৰু অঞ্জনা বৰা গোলাঘাটৰ ,পৰেশ ঘোষ ধুবুৰীৰ , প্ৰফুল্ল শইকীয়া, ফটিক গগৈ আৰু সোমনাথ ফুকন যোৰহাটৰ, শিৱ শংকৰ ঝা মাজুলীৰ , সতিন্দ্ৰ নাথ নগাওঁৰ ,আৰু বনলতা গগৈ ডিব্ৰুগড়ৰ পৰা। ইয়াকে লৈ ৰাজ্যত মৃতকৰ সংখ্যা ৭৪৯ জনলৈ বৃদ্ধি পালে ।












