স্বাস্থ্য প্ৰতিবেদন:
ইলাচিৰ যথেষ্ট গুণাগুণ আছে। প্রতিদিনে পুৱা মাত্র এটা ইলাচি খালে কি কি উপকাৰ হ’ব পাৰে জানো আহক :
১) ইলাচি আৰু আদা সমগোত্রীয়। আদাৰ দৰেই পেটৰ নানা সমস্যা আৰু হজমৰ সমস্যাৰ পৰা মুক্তি দিবলৈ ইলাচি যথেষ্ট কার্যকৰী। বুকু জ্বলা-পোৰা, বমি ভাব, পেট পোৰা, এচিডিটিৰ পৰা মুক্তি পাবলৈ ইলাচি মুখত দিয়ক।
২) দেহৰ ক্ষতিকৰ টক্সিন দূৰ কৰিবলৈ ইলাচিৰ বিকল্প নাই। ইলাচিৰ ডিউৰেটিক উপাদানে দেহৰ ক্ষতিকৰ টক্সিন পৰিষ্কাৰত সহায় কৰে।
৩) ৰক্তনলীত ৰক্ত জমা হোৱাৰ সমস্যাত ভোগে বহুতেই। ইলাচিৰ ৰক্ত পাতল কৰাৰ গুণে এই সমস্যাৰ পৰা মুক্তি দিব। প্রতিদিনে ইলাচি খালে ৰক্তৰ ঘনত্ব সঠিক থাকে।
৪) ইলাচিৰ ডিউৰেটিক উপাদানে উচ্চ ৰক্তচাপৰ সমস্যা কমাই আনিবলৈ সক্ষম। দেহৰ বৰ্ধিত ফ্লুইড দূৰ কৰি ইলাচিয়ে উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্রণলৈ অনাত সহায় কৰে।
৫) মুখৰ বহুত দুর্গন্ধ হয় নেকি? এটি ইলাচি লৈ চুহি থাকক। ইলাচিয়ে মুখৰ দুর্গন্ধ সৃষ্টিকাৰী বেক্টেৰিয়া ধ্বংস কৰি মুখৰ দুর্গন্ধ দূৰ কৰে।
৬) নিয়মিত ইলাচি খোৱাৰ অভ্যাসে মুখৰ দুর্গন্ধৰ লগতে আলুৰ সংক্ৰমণ, মুখৰ লগতে দাঁত আৰু আলুৰ নানা সমস্যাৰ পৰা ৰক্ষা কৰে।
৭) গৱেষণাত দেখা গৈছে নিয়মিত ইলাচি খোৱাৰ অভ্যাসে কেন্সাৰ প্রতিৰোধত সহায় কৰে। ইলাচিয়ে দেহত কেন্সাৰৰ কোষ গঠনত বাধা প্রদান কৰি থাকে।
৮) ইলাচিৰ এন্টিঅক্সিডেন্ট উপাদানে ছালত বয়সৰ চাপ, ৰিংকল, ফ্রিৰেডিকেল ইত্যাদি পৰাত বাধা প্রদান কৰে। ইলাচি ছালৰ ক্ষতি পূৰণতো যথেষ্ট সহায়ক।