নিউজ ডেক্স:
অসম আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা বিৰুদ্ধে আম আদমী পাৰ্টী, অসমৰ প্ৰতিবাদ।সমগ্ৰ ঘটনা চি বি আই তদন্তৰ দাবী আপৰ।
গুৱাহাটী মেঘদূত ভৱনৰ সন্মুখত সাব্যস্ত কৰা হয় প্ৰতিবাদ।এছ আই কেলেংকাৰী চৰকাৰে কৰা তদন্তত সুখী নহয় আপ।তদন্ত নামত কেইটামান দালাল আৰু ফাদিল হোৱা প্ৰশ্ন কাকত লাভ কৰা একাংশ প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰি চৰকাৰে বা: বা: লোৱা অপচেষ্টা কৰা সময়তে কেলেংকাৰী মূল অভিযুক্ত অৱসৰপ্ৰাপ্ত ডি আই জি প্ৰশান্ত কুমাৰ দত্তই আত্মগোপন কৰিবলৈ সক্ষম হোৱা ঘটনাই এই তদন্ত যে ভেকো ভাওনাত পৰিণত হৈছে তাকে প্ৰতীয়মান কৰিছে- গুৰুত্বৰ অভিযোগ আপ ৰাজ্যিক সমন্বয়ক ডঃ ভৱেন চৌধুৰী।
“কেলেংকাৰীত শাসকীয় দলৰ বিয়াগোম নেতা, আৰক্ষীৰ বিষয়াও জড়িত হৈ আছে।চি বি আইক দিলেহে তদন্ত সঠিক দিশত আগবাঢ়িব।লগতে পৰীক্ষা লগত জড়িত এমেইন টেক আৰু অক্ষয় টেলিকমিউনিকেচনক তদন্তৰ আওতালৈ আনিব লাগে বুলি”- চৌধুৰীয়ে লগতে কয়।
সমগ্ৰ ঘটনাৰে চি বি আই তদন্তৰ দাবী জনায় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে।












