নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৪৪১ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৪৪১ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৮৩০১টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৪১৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৪৪৫ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১০৩গৰাকী ডিব্ৰুগড়ৰ, ১১০ গৰাকী যোৰহাটৰ৷ আক্ৰান্তৰ হাৰ ৫ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,৮৩৮১২ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৪১২৮ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,৪৮৯৬০ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৭২১ গৰাকীলৈ বৃদ্ধি পালে।












