নিউজ ডেক্স:
কৃষক মুক্তিসহ ৭০ সংগঠনে জন্ম দিয়া ৰাজনৈতিক দল ‘ৰাইজৰ দল’ত নাথাকে শিক্ষাবিদ ডঃ নগেন শইকীয়া।প্ৰেছ বিজ্ঞপ্তি জৰিয়তে শইকীয়াই এই কথা ঘোষণা কৰে।
‘মই অসমৰ সকলো ৰাজনৈতিক দল একেলগ হোৱাটো বিচাৰো।আৰু ঐক্যবদ্ধ হৈ অহা নিৰ্বাচনী যুদ্ধত অৱৰ্তীন হোৱাটো বিচাৰো।কিন্তু মই কোনোবা এটা বিশেষ দলৰ উপদেষ্টা হৈ থকা প্ৰশ্ন নুঠে।অসমক ভালপোৱা, অসমৰ স্বাৰ্থৰ বাবে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ সকলো একেলগ হোৱাটোৱেই সময়ৰ আহ্বান”- এইদৰে প্ৰকাশ কৰিছে শইকীয়াই।
সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা অসম জাতীয় পৰিষদৰ বৰ জাপিটোৰ তলত সকলো একেলগ হোৱাটো বিচাৰো বুলি উল্লেখ কৰি শইকীয়াই কয়-বেলেগ বেলেগ গোটে যদি নিজৰ পৰিচয় ৰাখিও ঐক্যবদ্ধ হলেও তেওঁৰ সমৰ্থম থাকিব বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰিছে”।
অসমৰ বাবে কাম কৰা সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা আছে আৰু থাকিব বুলি স্পষ্টকৈ উল্লেখ কৰিছে শিক্ষাবিদ গৰাকীয়ে।
শিক্ষাবিদ গৰাকীৰ অনুমতি নোলোৱাকৈ কোনেও যাতে তেওঁ নাম ব্যৱহাৰ নকৰে তাৰ বাবে আহ্বান জনায় শইকীয়াই।সদৌ অসম ছাত্ৰ সন্থা নিৰ্বাচনৰ পিছলৈ সকলোকে অপেক্ষা কৰিবলৈ তেওঁ আহ্বান জনায়।












