ষ্টাফ ৰিপ’ৰ্টাৰ:
দেশত চলি থকা ত্ৰাসৰ মাজতেই গুৱাহাটীৰ জজ খেলপথাৰত আৰম্ভ হৈছে এথলেটিকচ খেল। ক’ভিডৰ নিয়মানুযায়ী মুখত মাস্ক পৰিধান কৰি খেল খনত অংশগ্ৰহণ কৰে খেলুৱৈসকলে। দেশৰ ভিতৰত প্ৰথমখন খেল আৰম্ভ কৰা ৰাজ্য ৰূপেও পৰিগণিত হ’ল অসম। এদিনীয়া এই প্ৰতিযোগিতাখনৰ পাঁচটা ইভেন্টত অসমৰ ভিন্ন প্ৰান্তৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ আজিৰ দিনটোত প্ৰতিযোগিতা খন উদ্ধোধন কৰে অলিম্পিক সন্থাৰ সভাপতি তথা ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ মুৰব্বীয়ে জনোৱা মতে, কোভিড যুদ্ধৰ মাজত গুৱাহাটীৰ এইখনেই দেশৰ প্ৰথম প্ৰতিযোগিতামূলক খেল। আমন্ত্ৰণীমূলক এথলেটিকছ প্ৰতিযোগিতাখন অসম এথলেটিকছ সন্থাই অলিম্পিক সন্থা, ক্ৰীড়া সঞ্চালকালয় আৰু অসম ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত অনুষ্ঠিত কৰে।
শুকুৰবাৰৰ উদ্ধোধনী অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সভাপতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ উপৰি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, দুই সাংসদ ভূৱনেশ্বৰ কলিতা, কুইন ওঝা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ গিলবাৰ্টছন ছাংমা আৰু এছিয়ান গেমছত অংশ লোৱা এথলীট তৈবুন নিছা উপস্থিত আছিল।












