ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মূল অভিযুক্ত দিবন ডেকাক পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।ক্ৰাইম ব্ৰান্সত ৰুজু হৈ থকা ১৩/২০২০ নম্বৰ ডেকাক বুধবাৰে গ্ৰেপ্তাৰ কৰা পাছত আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়।
উল্লেখ ডেকা বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৪১৮/৪২০/১২০(খ) ধাৰা ৰুজু হৈছে গোচৰ।
গুৱাহাটী মহানগৰ আৰক্ষী ক্ৰাইম ব্ৰান্সত জিম্মাত থাকিব ডেকা।ইফালে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাত চিআইডিটো ডেকা বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ।












