নিউজ ডেক্স:
এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু ঘোচ লোৱা কাণ্ডৰ অন্যতম অভিযুক্ত দিবন ডেকাক ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷ উল্লেখ্য যে এসপ্তাহৰো বেছি দিন আত্মগোপন কৰি থকাৰ পিছত বুধবাৰে নিশা আৰক্ষীয়ে পাটাছাৰকুছিত গ্ৰেপ্তাৰ কৰিছিল দিবন ডেকাক।
গ্ৰেপ্তাৰৰ পিছত অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান জিপি সিঙৰ নেতৃত্বত দিবন ডেকাক গুৱাহাটীলৈ অনা হয়। গুৱাহাটীত আৰক্ষীৰ বিশেষ শাখাৰ লকআপত ৰখা হয় দিবন ডেকাক। তাতেই অপৰাধ অনুসন্ধান বিভাগৰ এটা দলে দিবন ডেকাক সোধপোছ কৰে।
আজি আদালতত হাজিৰ কৰাই ৭ দিনৰ আৰক্ষীৰ জিম্মা বিচাৰিছিল যদিও আদালতে ৫ দিন মঞ্জুৰ কৰে৷ আদালতৰ পৰাই অপৰাধ অনুসন্ধান বিভাগে দিবন ডেকাক নিজৰ জিম্মাত লয়৷ ৬ অক্টোবৰত তেওঁক পুনৰ আদালতত হাজিৰ কৰা হ’ব।