ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটী প্ৰেছ ক্লাৱত বিজেপিৰ বিৰুদ্ধে সংবাদমেল।কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰাজ্যসভা নিৰ্দলীয়া সাংসদ অজিত কুমাৰ ভূঞা যৌথ সংবাদমেল।
অসম আৰক্ষী উপ- পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়- টকা বিনিময়ত দুৰ্নীতিৰে চাকৰি দিয়াটো গৌণ।আচল উদ্দেশ্য হৈছে প্ৰশাসনৰ দিশটো আৰ এছ এছৰ নিজৰ অধীনত ৰখা।
ঘটনাৰ তদন্তৰ চিআইডি বা ক্ৰাইম ব্ৰান্স জৰিয়তে কেতিয়া নিৰপেক্ষ হ’ব নোৱাৰে।কাৰণ সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰী কাৰ্যলয় জড়িত হৈ আছে ।আৰক্ষী বিষয়া বিৰুদ্ধে আৰক্ষীয়ে কৰা তদন্তৰ কেনেকৈ নিৰপেক্ষ হ’ব”-গুৰুত্বৰ অভিযোগ বৰা।ঘটনা তদন্তৰ উচ্চ ন্যায়ালয়ৰ কৰ্তব্যৰত এগৰাকী ন্যায়াধীশৰ জৰিয়তে হ’ব লাগে।লগতে তদন্তৰ সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে।লগতে তেওঁ কয়।
ঘটনাৰে জড়িত মূল অভিযুক্তক দিবন ডেকাক গ্ৰেপ্তাৰ কৰা বাবে আৰক্ষীক ধন্যবাদ জনাই বৰাই কয়- মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰে জড়িত মূল অভিযুক্ত দিবন ডেকা বিজেপি সদস্য নহয় বুলি কৰা মন্তব্যক অতি লজ্জাজন বুলি উল্লেখ কৰে বৰাই।
তেওঁ কয়- পাঁচ বছৰৰ আগতে বিজেপিলৈ যোৱা হিমন্তই বিজেপি কাৰ্যলয়ত ৬বছৰ দিবনক দেখা নাই বুলি কেনেকৈ কব পাৰিলে।উল্লেখ ২০১১চনত বিজেপি পৰা নিৰ্বাচনত অৱৰ্তীন হৈছিল দিবন।সংবাদমেলত বৰাই কয়-বিজেপি চৰকাৰৰ দিনত কোনো এটা নিযুক্তি দুৰ্নীতি মুক্ত হোৱা নাই।












