নিউজ ডেক্স:
কৃষক নেতা অখিল গগৈ চাবোৱা থানাৰ গোচৰত জামিন লাভ।নিয়া বিশেষ আদালতে চাবোৰ থানাত ৰুজু হৈ থকা দ্বিতীয়টো নিয়া গোচৰত মঞ্জুৰ কৰিছে জামিন।উল্লেখ আৰক্ষী বিষয়াক দাঁত ভঙাৰ অভিযোগত গগৈ বিৰুদ্ধে ৰুজু হৈছিল উক্ত গোচৰটো।পাছত গোচৰটো নিয়া’লৈ হস্তান্তৰ কৰা হৈছিল।
চাবোৱা থানা ১/২০২০ নম্বৰ গোচৰত গগৈয়ে জামিন লাভ কৰিলে চান্দমাৰি থানা ১৩/১৯ নম্বৰ গোচৰত জামিন পাবলৈ এতিয়াও বাকী আছে গগৈ।গুৱাহাটী উচ্চ ন্যায়ালয়ত গগৈৰ প্ৰথমটো নিয়া গোচৰৰ ইতিমধ্যে আৰম্ভ হৈছে শুনানি।উক্ত গোচৰত কৃষক নেতা গৰাকীয়ে জামিন লাভ কৰিলে ওলাই আহিব মুকলি আকাশৰ তললৈ।উল্লেখ বিগত ৯ মাহ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ।












