নিউজ ডেক্স:
অসম আৰক্ষী উপ-পৰিদৰ্শকr লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ মূল অভিযুক্ত দিৱন ডেকাক গ্ৰেপ্তাৰ।আত্মসমৰ্পন কৰিবলৈ গুৱাহাটীলৈ আহি থকা সময়ত ডেকাক পাটাসাকুচিত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এখন অম্বুলেন্সত গুৱাহাটীৰ অভিমুখে আহি থকা অৱস্থাত ডেকাক গ্ৰেপ্তাৰ কৰি কটকটীয়া নিৰাপত্তা মাজেৰে কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটিলিয়নলৈ অনা হয়।
উল্লেখ বিজেপি নেতা দিৱন এছ তাই পৰীক্ষা প্ৰশ্ন কাকত ফাদিলৰে মূল অভিযুক্ত হিচাপে চিহ্নিত হৈছে।ঘটনা সংঘটিত হোৱা পাছত ১১দিন ধৰি আত্মগোপন কৰি থকা বিজেপি নেতা গৰাকীক গ্ৰেপ্তাৰ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈ আৰক্ষীয়ে দিবন আৰু প্ৰশান্ত দত্ত সন্ধান দিওঁতালৈ ১লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছিল।তাৰ পাছতে বিজেপি শীৰ্ষ নেতৃত্বৰ আহ্বানত দিৱনে নিজে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় আৰক্ষীৰ ওচৰত।
বৰ্তমান চি আই ডিত জেৰা চলোৱা হৈছে দিৱনক।
অন্যহাতে ঘটনাৰ অন্যতম অভিযুক্ত প্ৰাক্তন ডিআইজি প্ৰশান্ত দত্ত বৰ্তমানো কোনো সম্ভেদ নাই আৰক্ষী হাতত।












