স্বাস্থ্য প্ৰতিবেদন:
সমগ্ৰ বিশ্বৰ মুঠ উৎপাদনৰ ৫০-৬০ শতাংশ জালুক পোৱা যায় দেশৰ পশ্চিমঘাট পর্বতমালাৰ পৰা। সমগ্ৰ বিশ্বত মুঠ ৮০ প্রকাৰৰ জালুক পোৱা যায়। জার্নাল অব ক্রিটিকেল ৰিভিউছ ইন ফুড ছায়েন্স এণ্ড নিউট্রিচনৰ গৱেষণাত প্রকাশ পোৱা মতে এই মচলাত এন্টি অক্সিডেন্ট, এন্টি মাইক্রোবিয়াল আৰু গেস্ট্রো-প্রটেক্টিভ ক্ষমতা আছে। জার্নাল অব ইমিউনোটক্সিকোলজিয়ে কৈছে, এই মচলাৰ এন্টি অক্সিডেন্ট বৈশিষ্ট্যৰ কথা। কিন্তু কিং অব স্পাইচ অর্থাৎ জালুকে সঁচাকৈয়ে কোভিড সংক্রমণ ৰুধিবলৈ সক্ষমনে?
নেচনেল লাইব্রেৰী অব মেডিচিনৰ গৱেষণা-পত্রত প্রকাশ, জালুকত থাকে পিপেৰিন। থাকে উদ্বায়ী তেল, অলিঅৰেজিন আৰু এলকালয়েড। জালুকৰ ফ্রি-ৰেডিকেল ভাঙি দিয়াৰ ক্ষমতাৰ কথা সম্প্রতি অন্য এটি গৱেষণাত পোহৰলৈ আহিছে। টিউমাৰৰ বৃদ্ধিক নিয়ন্ত্রণ কৰে বুলিও জনা গৈছে। ইয়াৰ উপৰি পিপাৰ নাইগ্রামৰ এলকালয়েড অর্থাৎ পিপেৰিনে হজম শক্তি বৃদ্ধিত আৰু স্নায়ুৰ কামত সহায় কৰে। ই সহায় কৰে প্রদাহ নাশ কৰাতো। কিন্তু ভাইৰাছ সংক্রমণ ৰুধিব পাৰে জালুকৰ ব্যৱহাৰে, তেনে কোনো তথ্য গৱেষণাত প্ৰকাশ পোৱা নাই।
জালুক বা এনে জাতীয় কোনো মচলা ৰন্ধনত ব্যৱহাৰে কৰোনা ৰুধিব পাৰেনে? ইয়াৰ কোনো স্পষ্ট উত্তৰ এতিয়ালৈকে পোৱা হোৱা নাই।
আয়ুর্বেদত জালুকৰ কথা আছে। কণ্ঠস্বৰ ভাল হয় কেঁচা জালুক চোবাই খালে, উল্লেখ আছে এই কথাও। এই প্রসঙ্গত আয়ুর্বেদিক চিকিৎসকে কয়, ‘শৰীৰৰ চেনেলসমূহ পৰিষ্কাৰ ৰখাত সহায় কৰে জালুকে। শৰীৰৰ মাইক্রো আৰু মেক্রো চেনেলসমূহ পৰিষ্কাৰ ৰাখে জালুকে।
সেয়েহে ৰন্ধনত স্বাদ আনিবলৈ, কণ্ঠস্বৰৰ সমস্যা হ’লে কিম্বা হজম শক্তি বঢ়াবলৈ জালুক খাব পাৰে। কিন্তু কৰোনা প্রতিৰোধৰ সৈতে জালুকৰ কোনো সম্পর্ক নাই বুলি নিশ্চিত কৰিছে চিকিৎসকে।













