নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২৩২০ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২৩২০ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ১ লাখ ২০হাজাৰ ১৫৬টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৬৪৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫৬৩ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২৮৪ গৰাকী গোলাঘাটৰ, ২৩৭ গৰাকী যোৰহাটৰ, ১৯৭ গৰাকী শোণিতপুৰৰ ৷ আক্ৰান্তৰ হাৰ ৩.০৩ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,৭৩৬২৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩০৬৬২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,৪২২৯৭ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৬৬৭ গৰাকীলৈ বৃদ্ধি পালে।












