নিউজ ডেস্কঃ
শেহতীয়াকৈ অসমত ১২ গৰাকীকৈ ক’ৰোণা আক্ৰান্তই প্ৰাণ হেৰুৱালে। ৰাজ্যত বৰ্তমানেও কমা নাই কৰোণাতংক; ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে মৃত্যুৰ সংখ্যা। শেহতীয়াকৈ কৰা টুইটযোগে এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
ক’ৰোণাত মৃত্যু হোৱা এই লোক কেইজন হৈছে ক্ৰমে আমিৰুল হুচেইন আৰু শিৱসাগৰৰ পৰা, ৰূপাল দত্ত আৰু চম্ভূ দেৱ গোলাঘাটৰ পৰা, যুগেন গগৈ আৰু মহম্মদ আব্দুল ফাৰুক তিনিচুকীয়াৰ পৰা, ঘনকান্ত গগৈ ডিব্ৰুগড়ৰ পৰা, লুহিত চাংমাই চৰাইদেউৰ পৰা, ৰত্নেশ্বৰ কলিতা বৰপেটাৰ পৰা, লখি কান্ত শৰ্মা শোণিতপুৰৰ পৰা, গোপাল চন্দ্ৰ কলিতা কামৰূপ মেট্ৰো’ৰ পৰা আৰু ৰমা কান্ত কামৰূপ গ্ৰামৰ পৰা। ইয়াকে লৈ ৰাজ্যত মৃতকৰ সংখ্যা হৈছে ৬৬৭ জন।












