নিউজ ডেক্স:
অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ নতুন তথ্য আহিছে পোহৰলৈ। ১৯ ছেপ্তম্বৰ অৰ্থাত্ পৰীক্ষা অনুষ্ঠিত হোৱাৰ এদিন পূৰ্বে বিজেপি নেতা দিবন ডেকাই গোপনে থেংক ইউ ল’জত পাতিছিল পৰীক্ষাৰ অনুশীলন।আৰক্ষীৰ জেৰাত এতিয়া পোহৰলৈ আহিছে এই নতুন তথ্য। ১৫ ছেপ্তেম্বৰত দিবনে ফোনত সকলো কথা পাতিছিল ল’জৰ স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মাৰ সৈতে।
আৰক্ষীৰ জেৰাত প্ৰাঞ্জল শৰ্মাই স্বীকাৰ কৰা মতে, ‘পৰীক্ষা অনুস্থিত হোৱা কোঠাটোৰ বাবদ দিবনৰ পৰা ৫০ হাজাৰ লৈছিল প্ৰাঞ্জলে। পৰীক্ষাৰ বাবে দুজন প্ৰশিক্ষক অহাৰ কথা আছিল যদিও অৱশেষত প্ৰশিক্ষক দুজন নহাত দিবনে নিজেই প্ৰশিক্ষণ দিছিল প্ৰাৰ্থীক ৷ দিবনক সহযোগ কৰিছিল লজৰ আন এজন স্বত্বাধিকাৰী প্ৰণৱ বৰাই।’












