নিউজ ডেক্স:
অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা সুচাৰুপে অনুষ্ঠিত কৰাত ব্যৰ্থ হৈ পৰীক্ষাত অৱৰ্তীন প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰি অসম আৰক্ষী নিযুক্তি বৰ্ড অধ্যক্ষ পদৰ পৰা অব্যাহতি ললে প্ৰদীপ কুমাৰে ।সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব্যৰ্থ হোৱা বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰাজ্যিক পয্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি লোৱা বুলি কুমাৰে এক প্ৰেছ বিজ্ঞপ্তি জৰিয়তে উল্লেখ কৰিছে।
উল্লেখ যোৱা ২০ ছেপ্টেম্বৰত এছ আই লিখিত পৰীক্ষা প্ৰশ্ন কাকত ফাদিলৰ পাছতে ৰাজ্যজুৰি বিভিন্ন সমালোচনা তথা একাংশই অধ্যক্ষ কুমাৰৰ পদত্যাগৰ দাবী তুলিছিল ।
অধ্যক্ষ পদ ত্যাগ কৰি কুমাৰে প্ৰেছ বিজ্ঞপ্তিটোত লিখিছে এইদৰে- মেধা আৰু যোগ্যতাৰ ভিত্তিত ৰাজ্যৰ নিবনুৱা যুৱক- যুৱতী সকলে যাতে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰে তাৰ বাবে অসম চৰকাৰে মোৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষ দায়িত্ব অৰ্পণ কৰিছিল।
সম্পূৰ্ন স্বচ্ছতাৰে যাতে নিযুক্তি প্ৰক্ৰিয়া সম্পূণ হয় তাৰ বাবে মই সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰে দায়িত্ব পালন কৰিবলৈ প্ৰচেষ্টাৰ অব্যাহত ৰাখিছিলোঁ।কিন্তু এক দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত আৰক্ষী উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত বিসংগতি সংঘটিত হল”।
“মোৰ চাকৰি জীৱনৰ সুদীৰ্ঘ কাল চোৱাত কোনো দিনে এনে ব্যৰ্থতা সন্মুখীন হোৱা নাছিলোঁ।তাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি মই ৰাজ্যিক পয্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ পৰা অব্যাহতি লৈছোঁ- কুমাৰে লগতে এইদৰে উল্লেখ কৰিছে।












