নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৫৯৫ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৫৯৫ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৫৮৩১টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৭৩৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩৯৭ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৩০গৰাকী ডিব্ৰুগড়ৰ, ১৪৭ গৰাকী যোৰহাটৰ৷ আক্ৰান্তৰ হাৰ ৬.৭২ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬৯১১০ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩০১৬২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১৩৮৩০৭গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৬৩৮ গৰাকীলৈ বৃদ্ধি পালে।












