স্বাস্থ্য প্ৰতিবেদন:
পর্যাপ্ত পৰিমাণে পানী খালে ৰোগ প্রতিৰোধ ক্ষমতাক অধিক শক্তিশালী কৰি তোলে, যিয়ে বিভিন্ন ভাইৰাছ প্ৰতিৰোধত সহায় কৰে। কিন্তু পানীয়ে কেৱল প্রতিৰোধ ক্ষমতাকেই বৃদ্ধি কৰেনে?
বেছিকৈ পানী খালে আৰু কি কি উপকাৰ পাব?
• পর্যাপ্ত পৰিমাণে পানী খালে ক্লান্তি, অৱসাদ আঁতৰি শৰীৰলৈ সতেজতা ঘূৰি আহে। পুৱা-গধূলি ব্যায়ামৰ আগতে আৰু পিছত পানী খালে যথেষ্ট শক্তি পোৱা যাব। শৰীৰত মাত্র ১-৩ শতাংশ পানী কমি গ’লে ক্লান্ত লাগে, প্রভাব পৰে স্মৃতিশক্তি আৰু মস্তিষ্কৰ কার্যকাৰিতাতো। এই কথা গৱেষণাই কয়।
• সমগ্ৰ দিন পানীৰ সলনি কোলা, কফি খাই কটালে দিলে সন্ধ্যা হ’লেই মূৰৰ যন্ত্রণা আৰম্ভ হয়। তাৰ মূলতে আছে পানী কম খোৱা। অলপ সময়ৰ মূৰে মূৰে কেইগিলাচমান পানী খালেই সমস্যা সমাধান হয়।
• কোষ্ঠকাঠিন্যৰ সমস্যা হঠাৎ নোহোৱা হৈ গ’লে বুজিব ইয়াৰ মূলতো আছে পানী খোৱাৰ অভ্যাস। নিয়মিত কম পানী খালে কোষ্ঠকাঠিন্য হ’ব পাৰে। দিনত কেইগিলাচমান পানী বেছি খালেই এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায়।
• পৰিয়ালত কাৰোবাৰ কিডনি স্টন আছে নেকি? আপোনাৰো হোৱাৰ প্রবণতা থাকিব পাৰে। বেছিকৈ পানী খালে হয়তো সেই আশঙ্কা কমি যাব।
• মদ্যপানৰ অভ্যাস থাকিলে প্রচুৰ পৰিমাণে পানী খালে কিছু নিস্তাৰ পাব পাৰে বুলিও গৱেষণাই কয়।
পানীৰ সৈতে পুদিনা পাত ভিজাইও খাব পাৰে।
• ওজনক লৈ চিন্তিত নেকি? কমি যাব ওজনো। আমি বহুতেই নাজানো, শৰীৰত পানী কমি গ’লেও বহু সময়ত হিকটি আহিব পাৰে। তেতিয়া এক গিলাচ পানী খাই অলপ অপেক্ষা কৰিলে হিকটিৰ ভাব নোহোৱা হয়। খাদ্য খোৱাৰ আগতে পানী খালে কম খাদ্যতো পেট ভৰে। গৱেষণাই কয়, নিয়মিত যিসকলে খাদ্য খোৱাৰ আগতে আধা লিটাৰ পানী খায়, তেওঁলোকৰ ক্ষেত্রত ১২ সপ্তাহৰ ভিতৰত অতিৰিক্ত ৪৪ শতাংশ ওজন কমে। ঠাণ্ডা পানী খালে আৰু ভাল।
সতর্কতা
পানী খাবলৈ কোৱা হৈছে বুলি যেন সকলো সময়তে পানী খাই নাথাকে। সাধাৰণ অৱস্থাত ২.৫-৩ লিটাৰ পানী খোৱাটোৱেই যথেষ্ট। খুব বেছি ব্যায়াম আৰু ঘৰুৱা কামত ঘামিলে প্রাপ্তবয়স্ক মানুহে ৩.৫-৪ লিটাৰ খাব পাৰে। তাৰ বেছি নহয়। কাৰণ অতিৰিক্ত পানী খালে কিছু ক্ষতিকৰ দিশো আছে। ইয়াৰ উপৰি কোনো ৰোগৰ কাৰণে যদি পানী কম খোৱাৰ নির্দেশ থাকে, যেনে কিডনিৰ অসুখ, হার্ট ফেলিওৰ ইত্যাদি, ডাক্তৰৰ পৰামর্শ অবিহনে পানী খোৱাটো নবঢ়াব।















