ষ্টাফ ৰিপ’ৰ্টাৰ:
“সদৌ অসম ছাত্ৰ সন্থাই এটা দল, এখন পতাকা, এক প্ৰতীকৰ নীতি পৰা আঁতৰি অকলশৰে আঞ্চলিক দল গঠনৰ দ্বাৰা ঐতিহাসিক ভুল কৰিলে”-নতুন দল গঠনৰ সন্দৰ্ভত এই গুৰুত্বৰ অভিমত কৃষক নেতা অখিল গগৈ।অসমৰ সৰ্বস্তৰৰ সংকট দূৰ কৰিবলৈ, বিজেপি আৰ এছ এছক প্ৰতিহত কৰিবলৈ আৰু অসমবাসীৰ স্বাৰ্থ-পৰিচয় সুৰক্ষা দিবলৈ সকলো আঞ্চলিক শক্তি লগ হৈ এটা ঐক্যবদ্ধ শক্তি হোৱাটো একমাত্ৰ পথ আছিল বুলি লগতে তেওঁ কয়।
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত স্বাস্থ্য পৰীক্ষা বাবে অনা কৃষক নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত দিয়া এক লিখিত অভিমতত লিখিছে এইদৰে- আছুৱে বিজেপি- আৰ এছ এছৰ প্ৰকৃত বিপদ বুজি নুঠাটো আৰু এটা দল, এখন পতাকা, এক প্ৰতীক’ৰ নীতি পৰা আঁতৰি গৈ এটা ঐতিহাসিক সুযোগ হেৰুৱালে। অসমীয়া জাতিক সাম্প্ৰদায়িক ফেচিবাদৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰা মূল নীতিটোক অৱহেলা জৰিয়তে বিজেপিক ২১ৰ নিৰ্বাচনত পৰাজিত কৰা প্ৰথমটো ৰণকৌশলগত ভুল ৰূপে পৰিগণিত হ’ব।আছু নেতৃত্বই বিষয়তো গভীৰতাৰে উপলব্ধি কৰিব লাগে বুলি কৃষক নেতা গৰাকীয়ে পুনৰ আহ্বান জনায়।
ইফালে কৃষক মুক্তি সংগ্রাম সমিতি উদ্যোগত গঠন হ’ব লগা নতুন আঞ্চলিক দলৰ সন্দৰ্ভত কৃষক নেতা গৰাকীয়ে কয়- খৰ-খেদাকৈ নহয়, সকলোকে সামৰি, সকলো জনগোষ্ঠীৰ- সংগঠন অন্যান্য জাতীয় সংগঠন, সৰু সৰু আঞ্চলিক দল, কা বিৰোধী সকলো শক্তি বিশেষকৈ ছাত্ৰ সমাজ, শিল্পী সমাজ, কা’ বিৰোধী নাগৰিক সমাজ, লেখক বুদ্ধিজীৱি সমাজ জনগণৰ লগত আলোচনা মাধ্যমেৰে এটা ঐক্যবদ্ধ দল গঠন কৰক”।
কৃষক মুক্তি উদ্যোগত গঠন হব লগা আঞ্চলিক দলটোৱে আছু-যুৱ ছাত্ৰ পৰিষদৰ নতুন দলটোৰ আৰু অন্যান্য আঞ্চলিক শক্তিৰ লগত আঞ্চলিক ঐক্যমঞ্চ গঠনৰ আন্তৰিক প্ৰচেষ্টা অব্যাহত ৰখাৰো আহ্বান জনায় কাৰবন্ধী কৃষক নেতা গৰাকীয়ে।












