নিউজ ডেক্স:
ড্রাগছ কাণ্ডত এনচিবিয়ে আজি দীপিকা পাডুকনক জেৰা কৰে। তেওঁক তেওঁৰ মেনেজাৰ কৰিশ্মাৰ সন্মুখত বহাই প্রশ্ন কৰা হয়। জানিব পৰা মতে, দীপিকাৰ উত্তৰত এনচিবি সন্তুষ্ট নহয়। কেইবাটাও প্রশ্নত দীপিকাৰ উত্তৰত সন্তুষ্ট হ’লেও, সকলো উত্তৰত সন্তুষ্ট নহয় এনচিবি। এনচিবিৰ তৰফৰ পৰা নিৰন্তৰ জেৰা চলাই থকা হয় দীপিকাক।
প্রাপ্ত খবৰ অনুযায়ী, জেৰাত দীপিকাই স্বীকাৰোক্তি দিছে। দীপিকাই এনচিবিৰ ওচৰত স্বীকাৰ কৰিছে যে, যিটো ৱাটছএপ চাটক লৈ ইমান বিতর্ক, সেই চাটৰ অংশ তেওঁ। দীপিকাৰ এই স্বীকাৰোক্তি যথেষ্ট গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে। সেই চাটতেই তেওঁ কৰিশ্মাৰ সৈতে ড্রাগছ সম্পৰ্কে কথা পাতিছিল। আৰু সেই কাৰণে তেওঁৰ এই স্বীকাৰোক্তিয়ে তেওঁৰ সমস্যা বৃদ্ধি কৰিব পাৰে।
আনহাতে, দুয়োজনকে যেহেতু মুখামুখীকৈ বহাই জেৰা কৰা হৈছে, সেয়ে বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাবনা দেখা দিছে। ইয়াৰ উপৰি আজি সাৰা আলী খান আৰু শ্রদ্ধা কাপুৰকো জেৰা চলাইছে এনচিবিয়ে। দুয়োজনকে বিভিন্ন ধৰণৰ প্রশ্ন কৰা হৈছে।