নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৫৭১ গৰাকী।যোৱা ২৪ ঘন্টাত ১৫৭১ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
যোৱা ২৪ ঘন্টাত ২৮হাজাৰ ২৪৫টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ১৭৯২ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৩৮৭ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৬৯ গৰাকী যোৰহাটৰ, ১০৫গৰাকী কাছাৰৰ,১২১গৰাকী ডিব্ৰুগড়ৰ৷ আক্ৰান্তৰ হাৰ ৬.৩৪শতাংশ ৷
উল্লেখ্য যে,ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৬৭৩৭৪ জনলৈ বৃদ্ধি পালে। ৰাজ্যত সম্প্ৰতি ৩০০৩৪ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১৩৬৭১২ গৰাকী ব্যক্তি।আনহাতে, ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৬২৫গৰাকীলৈ বৃদ্ধি পালে।












