কাণত অযথা খোঁচা-খুঁচি বা বাডছ ব্যৱহাৰৰ অভ্যাসে মাতি আনিব পাৰে ডাঙৰ বিপদ।
কোনো অস্বস্তি নাথাকিলেও কেৱল স্বভাৱৰ দোষত প্রায়েই কটন বাডছ ব্যৱহাৰ কৰি কাণ খুঁচৰি থাকে বহুতেই। বিভিন্ন সংস্থাই এনে কটন বাডছ তৈয়াৰ কৰে। কিন্তু এই বাডছৰ ব্যৱহাৰে বিপদ মাতি আনে।
ক’ৰোনাৰ বাবে চিকিৎসকৰ ওচৰলৈ যাবলৈ ভয় বা অৱহেলাৰ বাবে কাণৰ সমস্যা আৰু বাঢ়িছে। কাণত বেক্টেৰিয়াৰ সংক্রমণ বাৰিষা কালত অলপ বাঢ়িব পাৰে৷ ইয়াৰ উপৰি এতিয়া হেডফোনৰ ব্যৱহাৰো বাঢ়িছে৷ সেয়ে কোনো সৰু-সুৰা সমস্যা হ’লেও চিকিৎসকৰ পৰামর্শ লওক। কাণত কোনো সমস্যা হ’লে বা ময়লা হৈছে বুলি ভাবি বাডছ ব্যৱহাৰৰ যি প্রৱণতা আছে, সেয়া অত্যন্ত বিপজ্জনক বুলি নাক-কান-ডিঙৰ বিশেষজ্ঞ চিকিৎসকসকলে কয়।
বাডস ব্যৱহাৰ কৰিবলৈ সকলো সময়তে বাৰণ কৰে চিকিৎসকসকলে। কাৰণ কাণৰ যি এনাটমি বা গঠন, সেই ক্ষেত্রত কাণত যি ৱাক্স বা ময়লা সৃষ্টি হয়, সেয়া সাধাৰণ অৱস্থাতেই বাহিৰ ওলাই আহে। খুব কম ক্ষেত্রতহে গঠনৰ বাবে কাণৰ ভিতৰত আবদ্ধ হৈ ৰোৱাৰ সমস্যা সৃষ্টি হয়। কাণৰ সমস্যাৰ পৰা জটিলতা বাঢ়ি মস্তিষ্কত প্রভাৱ পৰিব পাৰে।
সেয়ে কাণত কিবা অস্বস্তি অনুভৱ কৰিলেই আঙুলিৰে খোঁচৰা, বাডছ ব্যৱহাৰ ইত্যাদি একেবাৰেই কৰিব নালাগে৷ অতিৰিক্ত ময়লা বা ৱাক্স হাঁচি-কাহ-স্নান-টোপনি ইত্যাদি নানা জৈৱিক কামৰ দ্বাৰাই বাহিৰ হৈ যায়। পৃথকে খুঁচৰি বাহিৰ কৰিবলগা নহয়। কাৰণ শৰীৰে এক নির্দিষ্ট ওজনৰ পিছত ময়লা নিজৰ ভিতৰত নাৰাখে।
কিয় বাডছ জাতীয় বস্তু ব্যৱহাৰ কৰিব নালাগে
• কাণৰ যি ছিদ্র বা গহ্বৰ, তাৰ ব্যাস আচলতে সৰু। বাডছৰ ব্যাস তাৰ তুলনাত বেছি। ফলত কাণৰ প্রাচীৰত সৃষ্টি হোৱা ৱাক্স বা ময়লা আৰু ভিতৰলৈ সোমাই যায়। ইয়াৰ পৰা সংক্রমণো হ’ব পাৰে।
• কাণৰ প্রাচীৰত আঘাত লাগিব পাৰে।
• বাডছ ভাঙি ভিতৰত ৰৈ যাব পাৰে, যিটো মাৰাত্মকভাৱে বিপজ্জনক।
• বাডছৰ তুলাৰ পৰা সংক্রমণ হ’ব পাৰে।
• কটন বাডছৰ খোঁচাত প্রতিদিনেই কাণৰ অডিটৰি লোবক উত্তেজিত কৰিলে তাৰ আভ্যন্তৰীণ ক্ষতি হয়।
• কাণৰ তৰুণাস্থিও পৰে বিপদত। এইবোৰ নষ্ট হৈ গৈ শ্রবণশক্তি দুৰিবল কৰি তোলে।
• শ্রবণশক্তি কমিলে প্রভাৱ পৰিব শৰীৰৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্রতো। কাৰণ শৰীৰৰ ভাৰসাম্য ৰক্ষাৰ স্থানটো কাণতেই আছে।
বহুতৰ কাণত ময়লাৰ পৰিমাণ বেছি, তেনে ক্ষেত্রত কি কৰিব লাগিব
ইয়াৰ বাবে ঘৰত আগতে সৰিয়হৰ তেল ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান অলিভ অইল বা জলফাই তেল দি ভিজাই ৰখাৰ পৰামর্শ দিয়ে চিকিৎসকে।
সমস্যা কেনেদৰে কমিব
১. অলিভ অইলে ৱাক্স জাতীয় পদার্থক গলাই দি নৰম কৰে। ফলত ময়লা ওলাই যায়।
২. পানী সোমোৱা বুলি ভাবিলে টাৱেলেৰে যিমান পাৰি সিমান পানী মচি দিয়ক। বাকীখিনি সঠিক সময়মতে ওলাই যাব।














