নিউজ ডেস্কঃ
অৱসৰপ্ৰাপ্ত ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ ঘৰত অভিযান চলোৱাৰ পিছত আজি তেওঁৰ দুখন হোটেলতো চিআইডিয়ে অভিযান চলায়৷ ভাৰ্গৱ গ্ৰেণ্ড আৰু ভাৰ্গৱ নামৰ পিকে দত্ত মালিকানাধীন হোটেল দুখনত আজি পুৱাৰে পৰা চিআইডি আৰু ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায়৷
অভিযানকালত হোটেল দুখনত বহু বিসংগতি লক্ষে কৰে অভিযানকাৰী দলে৷ লগতে এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল-কাণ্ডত বহু মুধাফুটা ব্যক্তি জড়িত থকাৰো সন্দেহ কৰা হৈছে৷ ইফালে কালিৰে পৰা পিকে দত্ত পলাতক হৈ আছে বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল-কাণ্ডৰ মাষ্টাৰ মাইণ্ড প্ৰাক্তন ডিআইজি পিকে দত্ত৷ পিকে দত্তৰ নেতৃত্বতে এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য লাভ কৰিছে চিআইডি আৰু ক্ৰাইম ব্ৰাঞ্চে৷ আজি পুৱতি নিশা পৰ্যন্ত তেওঁৰ হেঙেৰাবাৰীস্থিত বাসভৱনত তালাচী চলাইছিল৷












