নিউজ ডেক্স:
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা প্ৰশ্ন কাকত ফাদিল আৰু নিয়োগ সংক্রান্তিয় কেলেংকাৰী ৰোধ কৰাত অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি দাহ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি।
সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আছু মুখ্য কাৰ্যলয় শ্বহীদ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে।বিজেপি চৰকাৰ মূর্দাবাদ, সৰ্বানন্দ সোণোৱাল হায় হায় আদি বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগান প্ৰদান কৰে।
তেওঁলোকৰ দাবী “চৰকাৰী নিযুক্তিত দুৰ্নীতি সংঘটিত কৰা সকলৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দুষিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।গুৱাহাটী প্ৰতিমূৰ্তি দাহৰ কাৰ্যসূচীত উপস্থিত থাকে আছু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সীমান্ত ঠাকুৰীয়া প্ৰমুখ্যে বহু কেইজন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য।
ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাথীক অন্ধকাৰত ৰাখি চাকৰিৰ নামত এখন লুণ্ঠনৰ বজাৰ সৃষ্টি কৰিছে।নিৰ্দিষ্ট দিনৰ এদিন পূৰ্বে লজত পৰীক্ষা পাতি প্ৰকৃত মেধাৱীক বঞ্চিত কৰিছে- এই গুৰুত্বৰ অভিযোগ সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থা।
উল্লেখ এছ আই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাই মুখ্যমন্ত্ৰী সোণোৱালৰ শূণ্য সহনশীলতাক প্ৰশ্নবোধক সৃষ্টি কৰিছে।












