নিউজ ডেক্স:
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা প্ৰশ্ন কাকত ফাদিলৰ পাছতে অসম চৰকাৰৰ গৃহ বিভাগৰ ব্যৰ্থতাক বিভিন্ন জনে চোকা সমালোচনা কৰিছে।আনহে নালাগে খোদ আৰক্ষীৰ বিভাগত সংঘটিত হোৱা ঘটনাই মুখ্যমন্ত্ৰী সোণোৱাল চৰকাৰৰ শূণ্য সহনশীলতাক প্ৰশ্নবোধক সৃষ্টি কৰিছে।
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত ৰাজ্য মুখ্যমন্ত্ৰী সোণোৱাল আৰু চৰকাৰক তীক্ষ্ণ সমালোচনা কৰিছে আছু মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।টুইটাৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালৰ একালৰ সতীৰ্থ ভট্টাচাৰ্যই সমালোচনা কৰি লিখিছে এইদৰে-নিবনুৱা ভৱিষ্যতক লৈ হেতালি খেলা অসমৰ মুখ্যমন্ত্ৰী, চৰকাৰক ধিক্কাৰ আৰু গৰিহণা দিছোঁ”।
ব্যৰ্থ চৰকাৰ বুলি উল্লেখ কৰি আৰু লিখিছে এইদৰে- আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্ন ফাদিল হল। বিদেশী ন্যায়াধীকৰণ, এপিডিচিএল আদি বিভাগৰ নিযুক্তি ওলোমাই ৰখা হল”।
ঘটনাৰে জড়িত দুষীক শাস্তি প্ৰদান কৰি নিবনুৱা যুৱক-যুৱতীক শীঘ্ৰে নিযুক্তি দিয়া দাবী জনাই ভট্টাচাৰ্যই ।












