নিউজ ডেক্স:
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা নতুন দিন নিৰ্ধাৰণ।অসম আৰক্ষী নিযুক্তি বৰ্ডৰ এক বৈঠকত ২৫ অক্টোবৰ নতুন দিন হিচাপে ধাৰ্য কৰিছে।এই সন্দৰ্ভত আৰক্ষী নিযুক্তি বৰ্ডে জিলা আৰক্ষী অধীক্ষক সকললৈ সাজু হবলৈ নিৰ্দেশ জাৰি কৰিছে।
ইফালে ২৫ অক্টোবৰ তাৰিখটো নিৰ্ধাৰণ পুনৰ বিপাঙত পৰিছে অসম আৰক্ষী নিযুক্তি বৰ্ড।কিয়নো উক্ত দিনা দুৰ্গা পূজা নৱমী হোৱা বাবে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা যাব নে নাযায় তাক লৈ সৃষ্টি হৈছে প্ৰশ্নবোধক।তাৰ বাবে আজি পুনৰ অসম আৰক্ষী নিযুক্তি বৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব।উক্ত বৈঠকত গ্ৰহণ কৰা হ’ব চুড়ান্ত সিদ্ধান্ত।
উল্লেখ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা মাহৰ ভিতৰত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা বাবে নিৰ্দেশ প্ৰদান কৰিছিল।












