
অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা সন্দৰ্ভত উন্মোচিত হৈছে নতুন নতুন তথ্য।চিআইডি তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ২০ ছেপ্টেম্বৰ নহয় টকা দিয়া প্ৰাৰ্থী বাবে ১৯ ছেপ্টেম্বৰতেই অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা। গুৱাহাটীৰ গণেশগুৰি থেংক ইউ ল’জত ১৯ ছেপ্টেম্বৰত ধনৰ বিনিময়ত চাকৰি দিয়া চক্ৰটোৱে একাংশ প্ৰাৰ্থীক লৈ অনুষ্ঠিত কৰিছিল লিখিত পৰীক্ষা। ২০ছেপ্টেম্বৰৰ পূৰ্বে অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ন হোৱা ৩০জন প্ৰাৰ্থীৰ এডমিড কাৰ্ড চিআইডিয়ে উদ্ধাৰ কৰিছে ল’জটোৰ পৰা।
হাতে লিখা প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হৈছিল পৰীক্ষা। চিআইডিয়ে জব্দ কৰিছে তাৰ প্ৰতিলিপি।

উল্লেখ বামুন্দিৰ পৰা কুশল দাসক গ্ৰেপ্তাৰ কৰা পিছত চিআইডিয়ে গনেশগুৰি উক্ত ল’জটোত আৰম্ভ কৰিছিল অভিযান। গণেশগুৰিৰ ল’জৰ ঘটনাৰ পাছতে নুনমাটিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সঞ্জীৱ শৰ্মা নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
ইফালে সমগ্ৰ ঘটনাৰ পোহৰলৈ অহাৰ পাছতে লজটো মালিকক চিআইডি এটা দলে জেৰা অব্যাহত ৰাখিছে।চাৰি গৰাকী মালিক ক্ৰমে অলকেশ বৈশ্য, প্ৰাঞ্জল শৰ্মা, বিমল থাপা, প্ৰণৱ বৰা।
উল্লেখ ধনৰ বিনিময়ত চাকৰি দিয়া প্ৰতিশ্ৰুতিৰে গনেশগুৰিৰ থেংক ইউ ল’জত পতা এছ আইৰ লিখিত পৰীক্ষাত এক বৃহৎ দুষ্ট চক্ৰৰ হাত থকাটো প্ৰায় নিশ্চিত হৈছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে পাঁচ জনক গ্ৰেপ্তাৰ কৰা বিপৰীতে ৪ জনক আটক কৰিছে আৰক্ষীয়ে।












