স্বাস্থ্য প্ৰতিবেদনঃ
কেটাৰেক্ট বা ছানি
চকুৰ নিজস্ব স্বাভাৱিক লেন্সৰ স্বচ্ছতা কমি অহাটোৱে ছানি। ইয়াত লেন্সৰ ওপৰত প্রোটিন জমা হৈ ক্লাউডিং বা আৱৰণৰ দৰে সৃষ্টি হয়। ফলত আলোকৰশ্মি পোনপটীয়াকৈ ৰেটিনাত গৈ পৰিব নোৱাৰে। এইটো খুব সাধাৰণ আৰু প্রত্যেকৰে ক্ষেত্রতেই হয়। বেছি বয়সত প্রায় সকলো মানুহৰেই এনে ৰোগ হয়। প্ৰায় গড়ে ৬৫-৭০ বছৰ বয়সৰ পিছত এটি বা দুয়োটি চকুতেই এই ৰোগ দেখা দিয়াটো স্বাভাৱিক। কিন্তু অতি বিৰল হ’লেও শিশু বয়সতো এই ৰোগ দেখা যাব পাৰে। যিহেতু ৰোগবিধ খুবেই স্বাভাৱিক আৰু সকলোৰেই হয়, সেই কাৰণে চিকিৎসা নকৰালে কিন্তু ইয়েই অন্ধত্বৰ সকলোতকৈ ডাঙৰ কাৰণ হিচাবে ধৰিব পৰা যায়।
এই ৰোগৰ লক্ষণবোৰ হ’ল, দৃষ্টিশক্তি ক্রমশ কমি অহা, সঠিক চছমা পিন্ধিলেও ভিজনৰ সমস্যা, দুৱলী-কুঁৱলী দৃষ্টি, কেতিয়াবা কেতিয়াবা একেটা বস্তুকে দুটা দেখা, সঠিক ৰং চিনি পোৱাত অসুবিধা হোৱা আৰু সন্ধ্যাৰ সময়ত চকুৰ ধুৱলী-কুঁৱলী ভাব বাঢ়ি যোৱা।
ইয়াক ৰোধৰ তেনে কোনো উপায় নাই। কিন্তু ধূমপানে চকুৰ স্বাস্থ্যৰ সার্বিক ক্ষতি কৰে। সেয়ে ধূমপান নকৰা, অতিবেঙুনীয়া ৰশ্মিৰ পৰা চকুক যথাসম্ভৱ বচাই ৰখা আৰু ডায়েবেটিছৰ নিয়ন্ত্রণ বা সতর্কতাই এই ৰোগৰ সৃষ্টিৰ সময়ক বহুখিনি পিছুৱাই দিব পাৰে। ছার্জাৰী কৰাই এই সমস্যাৰ প্রাথমিক চিকিৎসা। নব্বৈ শতাংশ মানুহেই ছার্জাৰীৰ পিছত উন্নততৰ দৃষ্টিশক্তি ঘূৰাই পায়।
বয়সজনিত মেকুলাৰ বিসংগতি সাধাৰণতে ৫০ বছৰৰ বেছি বয়সত হ’ব পাৰে। ৰেটিনাৰ যি অংশৰ পৰা চকুৰ কেন্দ্রীয় অংশৰ দৃষ্টি নিয়ন্ত্রিত হয় আৰু চকুই চিধা কোনো বস্তুৰ ওপৰত ফ’কাছ কৰিব পাৰে, তাৰ নাম মেকুলা।
বয়সজনিত কাৰণত এই অংশ ক্ষয়প্রাপ্ত হৈ দৃষ্টিশক্তিৰ ক্ষতি হয়। এই ডিজেনেৰেচন দুই ধৰণৰ— শুষ্ক ও আর্দ্র। শুষ্ক ডিজেনেৰেচনৰ ক্ষেত্রত মেকুলা ক্রমশঃ শুকার পাতল হৈ আহে আৰু সঠিকভাৱে কাম কৰিব নোৱাৰে। বেছিভাগ ডিজেনেৰেচনেই এই ধৰণৰ। আর্দ্র ডিজেনেৰেচনৰ ক্ষেত্রত, মেকুলাৰৰ তলত নতুনকৈ সৃষ্টি হোৱা ৰক্তবাহৰ পৰা যেতিয়া তৰল পদাৰ্থ বাহিৰ হৈ আহে তেতিয়া কেন্দ্রীয় দৃষ্টিশক্তি বাধাপ্রাপ্ত হয়। এনেক্ষেত্রত দৃষ্টিশক্তিৰ ক্ষতিৰ পৰিমাণ বেছি আৰু দ্রুত।
এই সমস্যাৰ লক্ষণবোৰ হ’ল, বস্তু-বাহানি স্পষ্টকৈ দেখাত অসুবিধা হয়, আকাৰ-আয়তন বিকৃত দেখায়, বগা দাগ ঢৌখেলোৱা দেখায়, ৰং স্পষ্টকৈ বুজা নাযায়, দৃষ্টিৰ কেন্দ্রীয় অংশত অন্ধকাৰ দেখায়। এইবোৰৰ ভিতৰত কোনো এটা হ’লেই চকু চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত। উপযুক্ত চিকিৎসাত ক্ষতিৰ বৃদ্ধি ৰোধ কৰাটো সম্ভৱ।
চকুৰ স্বাস্থ্য ভালে ৰাখিবলৈ এই ক্ষেত্রতো স্বাস্থ্যকৰ খোৱা-লোৱা আৰু ধূমপানৰ অভ্যাস থাকিলে, তাক বন্ধ কৰা অৱশ্যেই প্রয়োজন। ঠিক ভিটামিনসমৃদ্ধ ডায়েটে দৃষ্টিশক্তি হেৰোৱাৰ প্রক্রিয়াক বহুখিনি ৰোধ কৰিব পাৰে।
কেতিয়া কেতিয়াবা বয়সজনিত মেকুলাৰ বিসংগতিৰ চিকিৎসাৰ বাবে ইন্ট্রাঅকিউলাৰ ইঞ্জেকচন ব্যৱহাৰ কৰা হয়। কোনো অস্বাভাৱিক ৰক্তবাহ সৃষ্টি হ’লে তাক নষ্ট কৰা আৰু মেকুলাত তৰল জমা হ’লে তাক শুকাই পেলোৱা এই ইঞ্জেকচনৰ কাম। প্রয়োজনত, খুব কম ক্ষেত্রত হ’লেও, এই ৰোগৰ ক্ষেত্রত চিকিৎসকে অস্ত্রোপচাৰৰ সিদ্ধান্ত লয়।













