নিউজ ডেক্স:
অৱশেষত অহা ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিসহ কা’ বিৰোধী ৭০ সংগঠনৰ প্ৰস্তাৱিত আঞ্চলিক দল।মংগলবাৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ গুৱাহাটীৰ কাৰ্যলয়ত ৭০ সংগঠনৰ নেতৃত্বৰে অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ বৈঠক।উক্ত বৈঠকত গ্ৰহণ কৰা হৈছে নতুন ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত।
উল্লেখ বৈঠকৰ সিদ্ধান্ত অনুসৰি বিজেপি চৰকাৰক উৎখাত কৰি কংগ্ৰেছ-এআইইউডিএফক প্রতিহত কৰা বাবে ৭০ সংগঠনৰ প্ৰতিনিধিয়ে গঠন হ’ব এখন আহ্বায়ক সমিতি।উক্ত সমিতিয়ে অহা ৩০ ছেপ্টেম্বৰত ঘোষণা কৰিব আঞ্চলিক দলটো নাম আৰু ইয়াৰ লগত জড়িত বিষয় সমূহ।
গুৰুত্বপূৰ্ণ কথা সকলো আঞ্চলিক শক্তি একেখন ৰাজনৈতিক মঞ্চত থিয় হৈ বিজেপিক উৎখাত কৰা কথাৰো বৈঠকত আলোচনা কৰা হয়।












