ছাইদুল ইছলাম
ডিফু : শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা কৃষি সংস্কাৰ সম্পৰ্কীয় আইন দুখনক কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত জিলা কংগ্ৰেছ আৰু এন এছ ইউ আইৰ উদ্যোগত আইন দুখনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি দিনৰ প্ৰায় ১২ বজাত ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানৰ সন্মুখত দুয়োটা সংগঠনৰ প্ৰতিবাদকাৰীসকলে হাতত নাঙল লৈ চৰকাৰৰ কৃষক বিৰোধী আইন দুখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডাঃ মংৱে ৰংপিয়ে কৃষি সম্পৰ্কীয় দুয়োখন আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
আনহাতে, সংসদৰ মজিয়াত আইন দুখনৰ বিৰোধিতা কৰা সাংসদসকলক বহিষ্কাৰ কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি ইয়াৰ জৰিয়তে গণতন্ত্ৰৰ কণ্ঠ ৰুদ্ধ কৰাৰ চেষ্টা কৰা হৈছে বুলি ক্ষোভ ব্যক্ত কৰে। আনহাতে, ধৰ্ণা কাৰ্যসূচীৰ অন্তত কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ উদ্যোগত প্ৰতিবাদস্থলীৰ পৰা জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈকে এক প্ৰতিবাদী সমদল উলিওৱা হয় । প্ৰতিবাদকাৰীসকলে ’মোডী চৰকাৰ মূৰ্দাবাদ’, ’মোডী চৰকাৰ হায় হায়’, ’কৃষকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক’, ’কৃষকৰ ঋণ মাফ কৰক’, জমিন দৌ, ৰোজগাৰ দৌ’, ’মোডী তেৰী তানাচাহী নেহী চলেগী’, ’মোডী তেৰী গুণ্ডাগৰ্দী নেহী চলেগী’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।