ডিফু : অসম-নাগালেণ্ড সীমান্তত অপৰাধী চক্ৰ বিৰুদ্ধে অসম আৰক্ষী সক্ৰিয় হৈ থকাৰ ফলত ইটোৰ পিছত সিটো অপৰাধী চক্ৰ আৰক্ষীৰ জালত পৰি আছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী আৰক্ষীয়ে ডিমাপুৰ অভিমুখে নিথকা অৱস্থাত এনএল-০২-চি-০৫১৯ নম্বৰৰ এখন gypsy গাড়ীৰ পৰা আজি পুনৰ উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ বিলাতী সুৰা। একাংশ অসাধু ব্যৱসায়ীয়ে বিভিন্ন সময়ত চোৰাংভাবে অব্যাহত ৰাখিছে অবৈধ সুৰাৰ সৰবৰাহ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰ চহৰলৈ। খটখটী আৰক্ষীৰ তৎপৰতাত সুৰাৰ লগতে গাড়ীখনৰ চালকক আটক কৰিবলৈ সক্ষম হয়।
সম্প্ৰতি সৰ্বমুঠ ২০ কাৰ্টুন বিলাতী সুৰা জব্দ কৰিছে খটখটী আৰক্ষীয়ে। প্ৰায় ১ লক্ষাধিক টকাৰ সুৰা থকা বুলি জানিব পৰা গৈছে । যাৰ মূল্য ডিমাপুৰৰ ভিতৰত প্ৰায় দুগুনৰ পৰা তিনি গুণ পৰ্যন্ত হয় বুলি জানিব পৰা গৈছে । এক অবৈধ সুৰা সৰবৰাহকাৰী চক্ৰই অসমত বিক্ৰীৰ অনুজ্ঞাপত্ৰ থকা সুৰা নগালেণ্ডৰ ক’হিমালৈ সৰবৰাহ কৰাৰ কূৎ-কৌশল ৰচনা কৰি বিভিন্ন পক্ষক মেনেজ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।