![]()
নিউজ ডেস্ক:
কৃত্ৰিম বানত বুৰ গল গুৱাহাটী স্মাৰ্ট চিটি।পুৱা ভাগত সংঘটিত মুখলধাৰ বৰষুণত মহানগৰীৰ জনজীৱন ব্যাহত।চান্দমাৰী, জু-ৰোড, ৰটাৰী ক্লাব,আমবাৰী ৰাজপথত এককাল পানী।তীব্ৰ যান-জট গুৱাহাটী ৰাজপথত।

ইফাল উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভিতৰতো কৃত্ৰিমবান।বানৰ বাবে বাতিল কৰিব লগা হৈছে পাঠদান।সোমবাৰৰ পৰা কভিড পটকল মানি ৰাজ্যত নৱম আৰু দশম শ্রেণী পাঠদান আৰম্ভ হৈছিল যদিও কৃত্ৰিম বানৰ বাবে আজি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰী বিদ্যালয়লৈ আহিও গেটৰ সন্মুখৰ পৰাই উভতি যাব লগা হয়।

উল্লেখ গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত পূৰ্ব দৰে বানপানী নহয় বুলি বিভিন্ন সময়ত কৰি অহা ঘোষণা এজাক বৰষুণত প্ৰকৃত স্বৰূপ উন্মোচিত হল।













