নিউজ ডেক্স:
২৪ ঘন্টাত ৰাজ্যত ৩৫হাজাৰ ৬০৩টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৫৩৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫৭৪ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২৪০ গৰাকী যোৰহাটৰ, ২০৬গৰাকী লক্ষীমপুৰৰ, ১৯৮গৰাকী গোলাঘাটৰ ৷আক্ৰান্তৰ হাৰ ৭.৪২শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩১৪০৪ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১২৭৩৩৫ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৫৭৮গৰাকীলৈ বৃদ্ধি পালে।












