ষ্টাফ ৰিপ’ৰ্টাৰ:
প্ৰথমে ৰং নম্বৰ। তাৰ পিছত সাধাৰণ চিনাকি। পৰ্যায় ক্ৰমে প্ৰেম তাৰ পিছত বিয়া! বিয়াৰ পিছত ওলাই পৰিল ভণ্ড প্ৰেমিক-স্বামীৰ প্ৰকৃত চৰিত্ৰ। যাৰ ফলত সৰ্বশ্ৰান্ত হ’বলগা হ’ল ডবকাৰ এগৰাকী যুৱতী। কেৱল যুৱতীগৰাকীয়েই নহয়, প্ৰবঞ্চকটোৱে প্ৰতাৰণা কৰি লুটি নিয়ে যুৱতীগৰাকীৰ আত্মীয়ৰ ছয় লক্ষাধিক টকা।
ঘটনাৰ বিবৰণী মতে, প্ৰবঞ্চিত ডবকাৰ যুৱতীগৰাকীৰ সৈতে ৰং নম্বৰৰ পিছত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে কলিয়াবৰৰ এজন যুৱকৰ। তিনি মাহৰ ভাৰ্চুৱেল প্ৰেমৰ পিছত পলাই যোৱাৰ প্ৰস্তাৱ দিয়ে প্ৰেমিক যুৱকে। কিন্তু প্ৰেমিকাই এই প্ৰস্তাৱত অমান্তি হৈ আনুষ্ঠানিক বিয়াৰ প্ৰস্তাৱ দিয়াত মান্তি হয় প্ৰেমিক জমিৰ। কলিয়াবৰৰ জাকিৰ আৰু তেজপুৰৰ বাবুলক আত্মীয় হিচাপে আনি ডবকাৰ কইনা ঘৰত ৰাইজৰ উপস্থিতিত বিবাহ পাশত আবদ্ধ হয়।
এনেদৰে আঠ মাহ অতিক্ৰম কৰে দুয়োৰে সপোনৰ সংসাৰ। লগতে জমিৰে নিজক চৰিত্ৰবান হিচাবে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। ইতিমধ্যে পত্নীয়ে লাখ টকা খৰচ কৰি জমিৰক স্কুটী এখনো কিনি দিয়ে। ইয়াৰ উপৰি জমিৰে পত্নীৰ কেইবাজনো আত্মীয়ৰ পৰা ব্যৱসায় কৰাৰ নামত প্ৰায় ছয় লাখ টকা ঋণ লয়।
কিন্তু ওলাই পৰে ভণ্ড প্ৰেমিক-স্বামীৰ প্ৰকৃত চৰিত্ৰ। নতুন স্কুটী, সোণৰ আঙুঠি দুটা আৰু ধাৰে লোৱা ছয় লক্ষাধিক টকা লৈ উধাও হয় জমিৰ। জমিৰৰ সৰলতাৰ আঁৰত থকা প্ৰবঞ্চক চৰিত্ৰ ধৰিবই নোৱাৰিলে পত্নীয়ে। এতিয়া পলাতক প্ৰবঞ্চক স্বামীক বিচাৰি হাবাথুৰি খাইছে প্ৰেমিকা-পত্নীয়ে। আনহাতে, এই ক্ষেত্ৰত স্বামীৰ স্বয়ম্ভু অভিভাৱকৰ সৈতে যোগাযোগ কৰিছে যদিও কোনো গুৰুত্ব দিয়া নাই।
ঘটনা সন্দৰ্ভত ভুক্তভোগী পত্নী তথা আত্মীয়ই জমিৰৰ বিৰুদ্ধে ডবকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।