নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৮৫৬গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৮৫৬ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ সুস্থৰ হাৰ ৮০. ৭৫ শতাংশ ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৫হাজাৰ ১৭৫টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৫৯৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫৫৩ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ২০৫ গৰাকী যোৰহাটৰ, ১৯৯গৰাকী লক্ষীমপুৰৰ, ১৭৩গৰাকী গোলাঘাটৰ ৷ আক্ৰান্তৰ হাৰ ৭.৩৮ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৫৫৪৫৩ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৯৩৬২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১২৫৫৪০ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৫৪৮ গৰাকীলৈ বৃদ্ধি পালে












