নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২২৪৬গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২২৪৬ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২০হাজাৰ ৫৫৭টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৩৮০ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৩৭৬ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১২৩ গৰাকী যোৰহাটৰ ৷ আক্ৰান্তৰ হাৰ ৬.৭১ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,৫০৩৪৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৮২০২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,২১৬১০ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৫২৮ গৰাকীলৈ বৃদ্ধি পালে।












