দাঁতত গাঁত কিয় হয়, আৰু হ’লে আপুনি কি কৰিব? আমাৰ অতি মূল্যৱান সম্পদ দাঁত। বর্তমান দাঁত ক্ষয় আৰু দাঁতত ছিদ্র হোৱাটো এটি সাধাৰণ সমস্যা হৈ পৰিছে। সাধাৰণতে শিশু, কৈশোৰ আৰু বয়স্কসকলৰ এই সমস্যাটো বেছি হোৱা দেখা যায়। বেক্টেৰিয়াৰ সংক্রমণৰ ফলতেই দাঁত ক্ষয় হৈ থাকে।
সঘনাই ঘন স্নেক্স আৰু ড্রিঙ্কছ খোৱা, বহু সময়ত দাঁতৰ ফাঁকত খাদ্য লাগি থকা, ফ্লোৰাইডৰ অতিৰিক্ততা, মুখ শুকানে থকা, মুখৰ স্বাস্থ্যবিধি নামানা, পুষ্টিৰ ঘাটি আৰু ক্ষুধাৰ সমস্যাত থকা ইত্যাদি কাৰণতে দাঁতত গাঁত আৰু দাঁত ক্ষয় ৰোগ হৈ থাকে।
দাঁতৰ ভিতৰত নানা কাৰণত গাঁত হ’ব পাৰে। যেনে দন্তক্ষয় বা ডেন্টেল কেৰিজ, দাঁত ভাঙি গৈ কিম্বা ৰুট কেনেল চিকিৎসাৰ বাবেও দাঁতত গাঁত হৈ যায়। দাঁতত গাঁত বা কেভিটি হ’লে তাত ময়লা, খাদ্যকণা ইত্যাদি জমা হৈ সংক্রমণ হয়। দাঁত বিষায় আৰু শিৰশিৰনি অনুভৱ আৰম্ভ হয়।
শিশুসকলৰ এই গাঁত বা কেভিটি হ’লে তেওঁলোকে বিষত কষ্ট পায় আৰু কিবা খাবলৈ গ’লেই দাঁত শিৰশিৰাই উঠে। ডেন্টেল কেৰিজ প্রাথমিক অৱস্থাত অতি ক্ষুদ্ৰ ক’লা গাঁতৰ দৰে দেখায়। এই ক’লা গাঁত দাঁতত সৃষ্টি হ’লেও বিষ অনুভূত নহয়।
সেয়ে শিশুতো বাদেই, প্রাপ্তবয়স্কসকলেও বুজিব নোৱাৰে যে দাঁতত গাঁত সৃষ্টি হৈছে। এই গাঁতৰ ভিতৰত জটিলতা সৃষ্টি হোৱাৰ পিছতহে ধৰা পৰে। ইয়াৰ উপৰি দাঁত ভাঙি গ’লে বেছিভাগ ক্ষেত্রতেই ৰোগীয়ে সেইটো বুজিব পাৰে।
ৰুট কেনেল চিকিৎসাত ৰোগীয়ে যদি পৰছেলিন ক্রাউন বা মুকুট পিন্ধি নলয়, তেতিয়াও দাঁতত গাঁত বৃদ্ধি পায়। পিছত ৰুট কেনেল আৰু ভিতৰৰ বস্তু সকলো ওলাই আহে।
দাঁতত গাঁত হ’লে কি চিকিৎ কৰিব :
দাঁতত গাঁতৰ লক্ষণ দেখা দিয়া মাত্রে পলম নকৰি শূন্য স্থানখিনি ভর্তি কৰি লোৱা উচিত। কাৰণ ডেন্টেল কেৰিজ যদি ধীৰে ধীৰে ডেন্টিনৰ পৰা আৰু গভীৰলৈ অর্থাৎ পাল্প চেম্বাৰ পর্যন্ত গুচি যায়, তেতিয়া বিষৰ তীব্রতা বাঢ়ি যায়। চিকিৎ ব্যৱস্থাও জটিল হৈ পৰে।
ভঙা দাঁতক আজিকালি ফিলিং মেটেৰিয়েল বা লাইট কিউৰ দি সুন্দৰভাবে পূৰণ কৰিব পৰা যায়, যি দেখিবলৈ অবিকল স্বাভাৱিক ৰঙৰ দৰে হয়। ৰুট কেনেল চিকিৎসা কৰা দাঁতৰ ক্রাউন বা মুকুট বহাবলৈ দেৰি কৰা উচিত নহয়।
কেভিটি প্রতিৰোধৰ ৫ উপায় :
সঠিক নিয়মত প্রতিদিনে দুই বেলা দাঁত ব্রাছ কৰা উচিত৷
চেনিযুক্ত পানীয় বা আঠাজাতীয় খাদ্য, অম্লযুক্ত খাদ্য, কফি ইত্যাদি এৰাই চলা উচিত৷
খোৱাৰ পিছত কুলি কৰি মুখ ধুই পেলোৱা প্ৰয়োজন।
কেৱল ব্রাছ নহয়, সুতা বা ফ্লছেৰে দাঁতৰ ফাঁক পৰিষ্কাৰ কৰা উচিত।
ধঁপাত জাতীয় দ্ৰব্য সেৱন বর্জন কৰা দৰকাৰ।
লগতে কেভিটি প্রতিৰোধৰ বাবে অৱশ্যেই নিয়মিত দাঁত পৰীক্ষা কৰা আৱশ্যক।














